ভাৰতীয় নৌসেনাৰ আই এন এছ টেগ নামৰ যুদ্ধ জাহাজখনে অ’মানৰ উপকূলৰ সমীপত এখন তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা ৮গৰাকী ভাৰতীয় সহ চালক দলৰ ৯গৰাকী সদস্যক জীৱন্তে উদ্ধাৰ কৰিছে। আন এগৰাকী সদস্যৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটিছে। বাকী ছগৰাকী সদস্যক সুকলমে উদ্ধাৰ কৰিবলৈ অ’মান সামুদ্রিক সুৰক্ষা কেন্দ্ৰই বর্তমানে সুৰক্ষা অভিযানৰ নেতৃত্ব লৈছে। উল্লেখযোগ্য যে কমৰোজৰ পতাকা বিশিষ্ট এম ভি প্রেষ্টিজ ফেলকন নামৰ তেল পৰিবাহী টেংকাৰখনৰ চালক দলত ১৩গৰাকী ভাৰতীয় আৰু তিনিগৰাকী শ্ৰীলংকাৰ নাগৰিক আছিল। ৰাছ মড়কাহৰ পৰা প্ৰায় ২৫ সামুদ্রিক মাইল নিলগত তেল পৰিবাহী টেংকাৰখন বুৰ যোৱাৰ পাছত উদ্ধাৰ অভিযানত সহায় কৰাৰ বাবে ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ আৰু P-81 শ্ৰেণীৰ এখন সামুদ্রিক তহলদাৰী বিমান নিয়োগ কৰা হৈছে। ভাৰতীয় দূতাবাসে কৈছে যে তেওঁলোকে ওমানৰ কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি আছে আৰু ওমানৰ সামুদ্রিক সুৰক্ষা কেন্দ্ৰ আৰু ভাৰতীয় নৌসেনাই অঞ্চলটোত যুটীয়াভাৱে উদ্ধাৰ অভিযান চলাই আছে।
Assamese | July 18, 2024 4:52 PM | Oil | Oman
অ’মানৰ সমীপত তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা ৮গৰাকী ভাৰতীয় সহ চালক দলৰ ৯গৰাকী সদস্যক জীৱন্তে উদ্ধাৰ