অপাৰেচন সিন্দুৰে দেশৰ দ্ৰুত, নির্ণায়ক আৰু নিখুঁট আক্ৰমণৰ সামৰ্থ প্ৰদৰ্শন কৰা বুলি বায়ু সেনাৰ মুৰববী এয়াৰ ছীফ মার্শেল অমৰপ্ৰীত সিঙে মন্তব্য কৰিছে। চেন্নাইত কালি বিষয়া প্রশিক্ষণ একাডেমীৰ দীক্ষান্ত সমাৰোহত ভাষণ দি বায়ুসেনাৰ মুৰববীগৰাকীয়ে নতুন বিষয়াসকলক ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাৰ সময়ত একতাৰ মনোভাৱ বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। এই অনুষ্ঠানৰ জৰিয়তে ১৩০ গৰাকী পুৰুষ আৰু মহিলা বিষয়াক সেনা বাহিনীত অন্তৰ্ভুক্ত কৰা হয় ৷ বিষয়া প্রশিক্ষণ একাডেমীত মিত্ৰদেশৰ ৯ গৰাকী পুৰুষ আৰু ১২ গৰাকী মহিলাসহ মুঠ ২১ গৰাকী বিদেশী কেডেটেও প্রশিক্ষণ সম্পন্ন কৰে। অনুষ্ঠানত বায়ুসেনাৰ মুৰববীগৰাকীয়ে আধুনিক সমৰকলা আৰু সংহত ব্যৱস্থা গ্ৰহণৰ আৱশ্যকতাৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয়, যে অপাৰেচন সিন্দূৰৰ মাধ্যমেৰে স্থলসেনা বাহিনী, জল সেনাবাহিনী, বায়ু সেনাবাহিনী আৰু অন্য ৰাষ্ট্ৰীয় সুৰক্ষা সংস্থাৰ মাজত সফল সমন্বয় থকাৰ কথা প্ৰমাণিত হৈছে। সশস্ত্র বাহিনীসমূহ দেশৰ বিপৰ্যয়ৰ সময়ত প্ৰথমে সঁহাৰি জনোৱা প্ৰধান শক্তি বুলি বায়ুসেনাৰ মুৰববীগৰাকীয়ে মন্তব্য কৰে।
Assamese | September 7, 2025 11:16 AM | Air Chief Marshal A P Singh
অপাৰেচন সিন্দুৰে দেশৰ দ্ৰুত, নির্ণায়ক আৰু নিখুঁট আক্ৰমণৰ সামৰ্থ প্ৰদৰ্শন কৰা বুলি বায়ু সেনাৰ মুৰববী এয়াৰ ছীফ মার্শেল অমৰপ্ৰীত সিঙৰ মন্তব্য