May 28, 2024 1:05 PM | Arbinda kajriwal

printer

অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ ৭ দিনলৈ বৃদ্ধি কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক অনুৰোধ অৰবিন্দ কেজৰিৱালৰ

আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কালি তেওঁৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ ৭ দিনলৈ বৃদ্ধি কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাইছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীকেজৰিৱালে কয় যে, চিকিৎসকে কিছু জটিল ৰোগৰ আশংকাত তেওঁক কেইবাটাও স্বাস্থ্য পৰীক্ষা কৰোৱাবলৈ পৰামৰ্শ দিছে। তেওঁ কয় যে, তেওঁ ন্যায়ালয়ক অন্তৱৰ্তীকালীন জামিৰ ম্যাদ বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে যাতে এসপ্তাহৰ ভিতৰতে তেওঁ সকলোবোৰ স্বাস্থ্য পৰীক্ষা কৰাই ল’ব পাৰে। ইপিনে কেজৰিৱালে উচ্চতম ন্যায়ালয়ক জনোৱা এই অনুৰোধক সমালোচনা কৰি বিজেপিয়ে এইবুলি কৈছে যে কেজৰিৱাল যাতে পুনৰ কাৰাগাৰলৈ ঘূৰি যাবলগীয়া নহয়, তাৰ বাবেই তেওঁ এইবোৰ অজুহাত উলিয়াই আছে। দিল্লী বিজেপিৰ মুৰববী বীৰেন্দ্ৰ সচদেৱাই শ্ৰীকেজৰিৱালক এইবুলি প্ৰশ্ন কৰিছে যে, যদিহে তেওঁ জটিল স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে, তেন্তে তেওঁ কিয় তিনিদিনীয়া প্ৰচাৰ কাৰ্যসূচীৰে পাটনালৈ গৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।