গুৱাহাটী উচ্চ ন্যায়ালয়ে অনলাইন ট্রেডিঙক লৈ বিত্তীয় অনিয়মত লিপ্ত হোৱাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দুগৰাকী অভিযুক্ত বিশাল ফুকন আৰু তপন বৰা ওৰফে তার্কিক বৰাৰ জামিন মঞ্জুৰ কৰিছে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পার্থিব জ্যোতি শইকীয়াৰ বিচাৰপীঠে অভিযুক্ত দুজনৰ জামিন মঞ্জুৰ কৰে। দুয়োগৰাকী অভিযুক্ত কাইলৈ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ সম্ভাৱনা আছে। ইপিনে, অনলাইন ট্রেডিঙক লৈ হোৱা বিত্তীয় অনিয়মৰ আন এগৰাকী অভিযুক্ত চুমি বৰাক বৰবৰুৱা থানাত ৰুজু হোৱা গোচৰত এতিয়াও কাৰাৰুদ্ধ হৈ আছে।
Assamese | May 1, 2025 7:02 PM | Online Trading
অনলাইন ট্রেডিঙ বিত্তীয় অনিয়মৰ গোচৰত অভিযুক্ত বিশাল ফুকন আৰু তপন বৰাৰ জামিন মঞ্জুৰ