অধ্যাপক টাবুৰাম টাইদ সোঁৱৰণি ন্যাসে ২০২৬ বৰ্ষৰ সাহিত্য বঁটাসমূহৰ কথা ঘোষণা কৰিছে। এই অনুসৰি এইবাৰ অধ্যাপক টাবুৰাম টাইদ সাহিত্য সভা ২০২৬ৰ বাবে খাচী আৰু ইংৰাজ ভাষাৰ লেখক, কবি-উপন্যাসিক, শ্বিলঙত অৱস্থিত উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপক কিনল্ফাম সিং নংকিন্গ্ৰিহক তেখেতৰ ফিউনাৰেল নাইটচ্ নামৰ উপন্যাসখনৰ বাবে নিৰ্বাচিত কৰা হৈছে।
আনহাতে, উপন্যাস সম্রাত ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা ২০২৬ৰ বাবে প্রথিতযখা সাহিত্যিক, সাহিত্য একাডেমী বঁটা প্ৰাপক অনুৰাধা শৰ্মা পূজাৰীলৈ তেখেতৰ মেৰেং নামৰ উপন্যাসখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে।
ইফালে, অধ্যাপক টাবুৰাম টাইড মিচিং সাহিত্য বঁটা ২০২৬ৰ বাবে মিচিং ভাষাৰ বিশিষ্ট লেখক, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ মিগাং কালিনাথ পাংগিংদেৱলৈ তেখেতৰ মিচিং ভাষালৈ আগবঢ়োৱা অনবদ্য আৱদানৰ বাবে আগবঢ়োৱা হৈছে।
অধ্যাপক টাবুৰাম টাইড মিচিং অনুবাদ সাহিত্য বঁটা ২০২৬ৰ বাবে গৌৰৱময় অল আছাম মিৰি হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, মিচিং ভাষাৰ বিশিষ্ট লেখক বহুটো সাংস্কৃতিক কৰ্মৰাজীৰে মিচিং সংস্কৃতিলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা মিগাং ইন্দ্ৰেশ্বৰ পেগুলৈ বিশ্ব কবি ৰবিন্দ্ৰ নাথ ঠাকুৰৰ গীতাঞ্জলী কাব্য গ্রন্থখনি মিচিং ভাষালৈ অনুবাদ কৰাৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে।
টাবুৰাম টাইড মেম ‘ৰিয়েল ট্ৰাষ্ট্ৰৰ হৈ আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই বাঁটাসমূহৰ কথা ঘোষণা কৰিছে।