অক্ষয় তৃতীয়া উপলক্ষে আজি অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লালাক অসমৰ বিখ্যাত এৰী আৰু মুগা সুতাৰে প্ৰস্তুত কৰা বিশেষ বস্ত্ৰ পৰিধান কৰোৱা হয়। ৰাম মন্দিৰৰ অফিচিয়েল ডিজাইনাৰ মনিষ ত্রিপাঠীয়ে শিশু ৰামৰ বাবে এই বিশেষ সাজ প্ৰস্তুত কৰিছে। এই বিশেষ পোছাকৰ জৰিয়তে অসম বস্ত্ৰ শিল্পৰ প্ৰতিচ্ছবি ভগৱান ৰামৰ জৰিয়তে বিশ্ববাসীৰ ওচৰত প্ৰদৰ্শন কৰাৰ চেষ্টা চলোৱা হৈছে। প্ৰায় ৪৫ দিনৰ অন্তত এই সাজ প্রস্তুত কৰা হয়। ইপিনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাম লালাক অসমৰ এৰী আৰু মুগা সুতাৰে প্ৰস্তুত কৰা সাজ পৰিধান কৰোৱাত সন্তুষ্টি প্ৰকাশ কৰি অসমবাসীয়ে ভগৱান ৰামক ভক্তিৰ উপহাৰ আগবঢ়োৱা বুলি মুখ্যমন্ত্রী ড০ শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে৷
Assamese | May 10, 2024 7:02 PM | Assam Cloth Eri Muga
অক্ষয় তৃতীয়া উপলক্ষে ৰাম মন্দিৰত ৰাম লালাক অসমৰ এৰী আৰু মুগা সুতাৰ বিশেষ বস্ত্ৰ পৰিধান