২০০ খন বিছনাযুক্ত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে আজি অইল ইণ্ডিয়া লিমিটেডৰ গোৱালপাৰা জিলা আয়ুক্তৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই উপলক্ষে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী, অতিৰিক্ত জিলা আয়ুক্ত নৱজিৎ পাঠক, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জনবীৰ দাস, গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ চিত্তৰঞ্জন হাজৰিকা আৰু দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া দেৱাশিস বৰা আৰু শতাব্দী মহন্তই এটা আলোচনাত অংশগ্ৰহণ কৰে। আলোচনাৰ অন্তত অইল ইণ্ডিয়া লিমিটেডে চিকিৎসালয়খনলৈ বিশুদ্ধ খোৱাপানী যোগানৰ বাবে ১ কোটি ব্যয় সাপেক্ষ এখন নতুন আঁচনি ৰূপায়ণ কৰিবলৈ সন্মতি প্রকাশ কৰি চুক্তিবদ্ধ হয়। জিলা আয়ুক্ত আৰু অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া দেৱাশিস বৰাই চুক্তি পত্ৰত স্বাক্ষৰ কৰে। পানী যোগান আঁচনিটোৰ কাম ৬ মাহৰ ভিতৰতে সম্পূৰ্ণ কৰি তোলা হ’ব বুলি জিলা আয়ুক্তই অইল ইণ্ডিয়া লিমিটেডৰ বিষয়াদ্বয়ক অৱগত কৰে।
Assamese | February 27, 2025 8:06 PM | OIL-Goalpara MoU
অইল ইণ্ডিয়া লিমিটেড আৰু গোৱালপাৰা জিলা আয়ুক্তৰে বুজাবুজি চুক্তিত স্বাক্ষৰ