অসমৰ খিলঞ্জীয়া জনগোষ্ঠী চুতীয়াসকলৰ শেষৰগৰাকী ৰাণী তথা চুতীয়া জাতিৰ শৌর্য-বীৰ্ষ আৰু সাহসৰ প্রতীক সতি সাধিনীৰ আজি ৫০০ সংখ্যক স্মৃতি দিৱস ৰাজ্যজুৰি পালন কৰা হৈছে। এই উপলক্ষে মহিয়সীগৰাকীলৈ সশ্রদ্ধ প্ৰণিপাত জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, অতুলনীয় ত্যাগ, স্বদেশপ্ৰেম আৰু পৰাক্ৰমৰ প্রতীক বীৰাংগনা সতি সাধিনী নাৰী শক্তিৰ এক উজ্বল নিদর্শন। চুতীয়া সাম্ৰাজ্যৰ ৰাণীগৰাকীৰ বৰ্ণাঢ্য জীৱনগাঁথাই বৃহত্তৰ অসমীয়া জাতিক সদায় অনুপ্রাণিত কৰি থাকিব বুলি প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বীৰাংগনাগৰাকীক শ্রদ্ধা প্রদর্শন কৰে।
Assamese | April 20, 2024 6:51 PM | Sati sadhani divas
ৰাজ্যজুৰি সতি সাধিনীৰ ৫০০ সংখ্যক স্মৃতি দিৱস পালন