বৰপেটা জিলাৰ হাউলীৰ বি এইচ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ যাদৱেন্দ্ৰ বিশ্বাসৰ আজি ৭৫ বছৰ বয়সত মৃত্যু হয়। কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত বিশ্বাসৰ মৃত্যু হয়। বৰপেটা ৰোডৰ বাবুপাৰাৰ বাসিন্দা বিশ্বাস বি এইচ মহাবিদ্যালয়ৰ অর্থনীতি বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত হৈ থাকি পাছলৈ তেওঁ মহাবিদ্যালয়খনৰ উপাধ্যক্ষ হৈছিল। সামাজিকভাৱে সক্ৰিয় বিশ্বাসৰ মৃত্যুত হাউলী অঞ্চলত শোকৰ ছাঁ পৰে ।
Assamese | November 17, 2024 7:21 PM | B H College EX VC death
হাউলীৰ বি এইচ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ যাদৱেন্দ্ৰ বিশ্বাসৰ ৭৫ বছৰ বয়সত মৃত্যু