আমেৰিকা যুক্তাৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন ব’ল্টনে কোনেও দক্ষিণ এছিয়াত ব্যাপক সংঘাত নিবিচাৰে যদিও পেহেলগামৰ বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আত্মৰক্ষাৰ ব্যৱস্থা লোৱাৰ অধিকাৰ আছে বুলি মন্তব্য কৰিছে। তেওঁ কয় যে জম্মু কাশ্মীৰৰ জনসাধাৰণক এটা সুস্থিৰ বাতাবৰণৰ বসবাসৰ পৰা বাৰণ কৰাটো আৰু সীমান্তেৰে চলোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পৰ্যটকসকলৰ অঞ্চলটো ভ্ৰমণৰ পৰা বিৰত থাকিবলগীয়া হোৱাটো সচাকৈ দুৰ্ভাগ্যজনক।
Assamese | May 3, 2025 8:06 PM | John Bolton
ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আত্মৰক্ষাৰ ব্যৱস্থা লোৱাৰ অধিকাৰ আছে : জন ব’ল্টন