ভাৰতীয় ৰে’লে চাৰিধাম যাত্ৰাৰ বাবে ভাৰত গৌৰৱ ডিলাক্স ৰে’ল সেৱা আৰম্ভ কৰিছে। এই ৰে’লসেৱাই বদ্রীনাথ, যোশীমথ, ঋষিকেশ, পুৰী, কোনার্ক, ৰামেশ্বৰম, দ্বাৰকাৰ লগতে কাশী-বিশ্বনাথ, ভীমশংকৰ, ত্ৰিম্বাকেশ্বৰকে ধৰি বিভিন্ন ধৰ্মীয় স্থানক সামৰি ল’ব। এই ৰে’লে মুঠ ৮ ৪২৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। এই বিশেষ ৰে’লখনে অহা ২৭ মে’ত দিল্লীৰ ছফৰদজং ৰে’ল ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰি ১৭ দিনৰ ভিতৰত চাৰি ধামৰ লগতে অন্যান্য ধর্মীয় স্থানসমূহ সামৰি ল’ব।
Assamese | May 4, 2025 11:48 AM | Charadham Yatra
ভাৰতীয় ৰেলৱেৰ চাৰিধাম যাত্ৰাৰ বাবে ভাৰত গৌৰৱ ডিলাক্স ৰে’ল সেৱা আৰম্ভ