গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰই প্ৰতিবছৰে প্ৰদান কৰি অহা গণশিল্পী মঘাই ওজা বঁটা এই বছৰ বিশিষ্ট শিল্পী তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক চৈয়দ চাদুল্লা লৈ আগবঢ়োৱা হৈছে। কালি যোৰহাটৰ হাতীগড় নাওশলিয়াত থকা মঘাই ওজা কলাক্ষেত্ৰত সমাজে আয়োজন কৰা গণশিল্পীগৰাকীৰ ৪৫ সংখ্যক মৃত্যু দিৱসত এই ঘোষণা কৰা হয়। উল্লেখযোগ্য যে, চৈয়দ চাদুল্লাই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ দ্বাৰা ১৯৭৭ চনতে গণশিল্পীগৰাকীৰ দীঘলীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰি আৰু তেওঁৰ ঢোলবাদন বাণীবদ্ধ কৰি তেওঁৰ স্থিতি যুগমীয়া কৰি ৰাখিছিল। পৰৱৰ্তী সময়ত তেওঁ মঘাই ওজাক লৈ গীত ৰচনা কৰি আকাশবাণীত বাণীবদ্ধ কৰাৰ লগতে গণশিল্পীগৰাকীৰ জীৱন সম্পৰ্কীয় আলেখ্যও ৰচনা কৰিছিল। অহা ১৯ এপ্ৰিলত মঘাই ওজা কলাক্ষেত্ৰত হ’বলগীয়া বিহু সন্মিলনত এই বঁটা প্ৰদান কৰা হ’ব বুলি কলাক্ষেত্ৰ সমাজে প্ৰকাশ কৰিছে।
Assamese | March 16, 2025 1:20 PM | Moghai Oza Award
বিশিষ্ট শিল্পী তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক চৈয়দ চাদুল্লা লৈ গণশিল্পী মঘাই ওজা বঁটা