ৰাজনৈতিক দলসমূহৰ সৈতে নির্বাচনী পঞ্জীয়ন বিষয়া, জিলা নির্বাচনী বিষয়া আৰু মুখ্য নির্বাচনী বিষয়া পৰ্যায়ত তৃণমূল বৈঠকসমূহ অব্যাহত আছে বুলি নির্বাচন আয়োগে প্ৰকাশ কৰিছে। মুঠ ৪,১২৩ গৰাকী নিৰ্বাচনী পঞ্জীয়ন বিষয়াই দেশজুৰি সংশ্লিষ্ট বিধানসভাৰ ভোটগ্রহণ কেন্দ্ৰ পৰ্যায়ৰ বিষয়মূহ নিষ্পত্তিৰ বাবে সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে। মুঠ ৭৮৮ গৰাকী জিলা নির্বাচনী বিষয়া আৰু ৩৬ গৰাকী মুখ্য নির্বাচনী বিষয়াকো ২৪ খন ৰাজ্য তথা ৪ খন কেন্দ্ৰীয় শাসিত অঞ্চলত আপত্তি বা সমস্যা সমাধানৰ বাবে এনে বৈঠকৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিৰ পৰ্যায়ৰ ৰাজনৈতিক দলসমূহৰ সক্ৰিয় অংশগ্রহণেৰে বৈঠকসমূহ সুকলমে অনুষ্ঠিত হৈ থকা বুলি নির্বাচন আয়োগে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে। দেশজুৰি চলি থকা এই বৈঠকসমূহ ৩১ মাৰ্চৰ পূৰ্বে সম্পূৰ্ণ হোৱাৰ কথা ।
ইপিনে, নির্বাচন আয়োগৰ এই তৎপৰতাক ৰাজনৈতিক দলসমূহে আদৰণি জনাইছে। আয়োগে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো দলকে নির্বাচন সম্পৰ্কীয় বিষয়সমূহ নিষ্পত্তিৰ বাবে নিৰ্ধাৰিত সময়ৰ পূৰ্বে নিৰ্বাচনী বিষয়াৰ সৈতে আলোচনাত মিলিত হ’বলৈ আহ্বান জনাইছে।
Assamese | March 23, 2025 11:31 AM | ECI Meeting
বিভিন্ন পৰ্যায়ত তৃণমূল বৈঠকসমূহ অব্যাহত আছে বুলি নির্বাচন আয়োগৰ প্ৰকাশ