কেন্দ্রীয় সাংস্কৃতিক সচিব গোবিন্দ মোহনে বিকশিত ভাৰতৰ যাত্ৰাত কলা আৰু সংস্কৃতিৰ গুৰুত্ব অপৰিসীম বুলি মন্তব্য কৰিছে। নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰত কালি চাৰিদিনীয়া সমাগম কলা মহোৎসৱ উদ্বোধন কৰি শ্ৰী মোহনে সমাজত কলা-সংস্কৃতিৰ ভূমিকা আৰু ইয়াৰ পৃষ্ঠপোষকতাৰ প্ৰয়োজনীয়তাৰ বিষয়েও লগতে কয়। কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত ষ্টার্টআপসমূহৰ সম্ভাৱনীয়তাৰ সম্পৰ্কেও তেওঁ আলোকপাত কৰে। উল্লেখযোগ্য যে সমাগম কলা মহোৎসৱ, ২০২৪-ত কেইবাখনো কলা প্রদর্শনী, বোলছবি প্রদৰ্শন আৰু কৰ্মশালাৰ আয়োজন কৰা হৈছে। কলা প্ৰদৰ্শনীখনত দেশৰ বিভিন্ন প্ৰান্তৰ ৪৬ গৰাকী প্ৰতিষ্ঠিত আৰু উদীয়মান শিল্পীক সামৰি লোৱা হৈছে। সোমবাৰে এই মহোৎসৱৰ সামৰণি পৰিব।
Assamese | May 24, 2024 8:31 PM | Govind Mohan
বিকশিত ভাৰতৰ যাত্ৰাত কলা আৰু সংস্কৃতিৰ গুৰুত্ব অপৰিসীম : কেন্দ্রীয় সাংস্কৃতিক সচিব