অসমৰ গামোচাই ভৌগোলিক মান্যতা লাভ কৰাৰ পাছত জিলা প্ৰশাসনসমূহে বহিঃৰাজ্যৰ গামোচা যাতে বেচা-কিনা নহয় এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। হোজাই জিলা প্রশাসনে ব্যক্তি অথবা ব্যৱসায় প্রতিষ্ঠানক থলুৱা শিপিনীৰ দ্বাৰা উৎপাদিত হাতে বোৱা গামোচা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে, এই নিষেধাজ্ঞাক আওকান কৰা ব্যক্তি বা ব্যৱসায়ী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ হস্ততাঁত আইন ১৯৮৫ৰ তিনি নম্বৰ ধাৰাৰ অধীনত ব্যৱস্থা লোৱা হয়। সেই অনুসৰি ছমাহ কাৰাদণ্ড আৰু পাঁচ হাজাৰ টকা জৰিমনা ভৰিবলগীয়া হয়।
Assamese | March 14, 2025 7:57 PM | Assam Gamosa
বহিঃৰাজ্যৰ গামোচা বেচা-কিনাত বাধা দিয়াৰ বাবে জিলা প্ৰশাসনসমূহৰ গুৰুত্ব আৰোপ