May 1, 2025 11:34 AM | Bodofa UP Brahma

printer

বডোফা উপেন্দ্রনাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে কোকৰাঝাৰৰ থুলুংগাপুৰীত বিশেষ অনুষ্ঠান

বডোফা উপেন্দ্রনাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে আজি কোকৰাঝাৰত দতমাৰ থুলুংগাপুৰীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বডোফাৰ স্মৃতিত শ্রদ্ধা জনাই আয়োজিত এই অনুষ্ঠানত ক্রীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নন্দিতা গার্লোছা উপস্থিত থাকিব। বডোফাৰ স্মৃতিত এবছুৱে আজি বিয়লি  ৫-৩০ বজাত বিটিআৰকে ধৰি ৰাজ্যৰ প্ৰতিঘৰ আৰু ৰাজহুৱা স্থানত ৫ লাখ মাটিৰ চাকি আৰু মমবাতি জ্বলোৱাৰ সিদ্ধান্ত লৈছে। ইপিনে, অসম চৰকাৰৰ উদ্যোগত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে আজি নতুন দিল্লীত হ’বলগীয়া এটা অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ এটা প্রতিমূর্তি উন্মোচন কৰিব আৰু এম চি ডি পার্কত এখন ৰাজহুৱা সভাত ভাগ ল’ব। তেওঁ লগতে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে এটা পথৰ নামকৰণ কৰিব। অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তাই বিশেষ অতিথি হিচাপে ভাগ ল’ব। বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো আৰু দিল্লীৰ মেয়ৰ ৰাজা ইকবাল সিং অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।