সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় জিলাত পঞ্চায়ত নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি এখন সভা অনুষ্ঠিত হয়। সভাখনত জিলা আয়ুক্তগৰাকীয়ে বিভিন্ন কোষৰ মুৰববী সকলৰ পৰা নিৰ্বাচনী কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। লগতে বেলট পেপাৰ ছপোৱা, কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ’বলগীয়া ভোটগ্রহণ কেন্দ্ৰৰ তথ্য আৰু উপলব্ধ সা-সুবিধা, ভোটগ্ৰহণৰ বাবে যাৱতীয় সা-সামগ্রী বিতৰণ আদি সম্পর্কে বিতংভাৱে আলোচনাকৰে। বৰপেটা জিলাতো অহা ৭ মে’ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ এটা প্ৰতিনিধি দলে বেলট পেপাৰ ছপাশাল পৰিদৰ্শন কৰে। জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাৰ নেতৃত্বত দলটোৱে দায়িত্বপ্রাপ্ত ছপাশালে নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি বেলট পেপাৰ ছপোৱাৰ কাম হৈছে নে নাই পৰিদৰ্শন কৰে। লগতে ছপাশালে প্রয়োজনীয় গোপনীয়তা ৰক্ষা কৰিছে নে নাই সেয়াও বুজ লয়। জিলাখনত ইতিমধ্যে বেলট বাকচ বিতৰণৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ হৈছে। মানকাচৰ জিলা প্ৰশাসনেও দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি চলাইছে। জিলাখনৰ ৩৫ খন গাঁও পঞ্চায়তত মুঠ ৪০৬টা ভোটকেন্দ্ৰ আছে। ইয়াৰে ৮৫টা ভোটকেন্দ্ৰ স্পৰ্শকাতৰ আৰু ৬টা ভোটকেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে।
Assamese | April 23, 2025 7:47 PM
পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড়ত পঞ্চায়ত নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্তৰ সভাপতিত্বত বৈঠক