নির্বাচন আয়োগৰ উদ্যোগত আজি নতুন দিল্লীত প্ৰথমবাৰৰ বাবে ১ লাখৰো অধিক বুথ পৰ্যায়ৰ বিষয়া, বি এল অ’ৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। ৰাজধানী মহানগৰীখনৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন ব্যৱস্থাপনা প্রতিষ্ঠান, আই আই আই ডি ই এমত এই প্রশিক্ষণ অনুষ্ঠিত হয়। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন আয়ুক্ত ড০ বিবেক যোশীৰ সৈতে এই দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে। অসম, পশ্চিম বংগ আৰু বিহাৰৰ ১০০গৰাকীতকৈও অধিক বি এল অ’ৰ লগতে এই তিনিখন ৰাজ্যৰ উপৰি কেৰালা, পুডুচেৰী আৰু তামিলনাডুৰো ১৩খন জিলাৰ নিৰ্বাচনী বিষয়া আৰু ২৪গৰাকী নিৰ্বাচনী পঞ্জীয়ন বিষয়াই ইয়াত অংশগ্ৰহণ কৰিছে।
Assamese | March 26, 2025 6:52 PM | ECI Training
নির্বাচন আয়োগৰ উদ্যোগত বুথ পৰ্যায়ৰ বিষয়া, বি এল অ’ৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ