দেশত কাইলৈ সংবিধান দিৱস উদযাপন কৰা হ’ব। এই বছৰৰ সংবিধান দিৱসৰ বিষয়বস্তু হৈছে হমাৰা সংবিধান-হমাৰা স্বাভিমান। এই দিৱসৰ মূল কাৰ্যসূচী নতুন দিল্লীৰ সংবিধান সদনৰ চেণ্ট্ৰেল হলত আয়োজিত হ’ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰীসকল তথা সাংসদসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে ২৬ নৱেম্বৰ দিনেটা সংবিধান দিৱস হিচাপে ঘোষণা কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ।
Assamese | November 25, 2025 6:21 PM | constitution day
দেশত কাইলৈ উদযাপন কৰা হ’ব সংবিধান দিৱস