বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে জি-২০য়ে ইয়াৰ নেতৃত্বৰ ধাৰা অব্যাহত ৰাখিবলৈ আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত চলি থকা জি-২০ বিদেশ মন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ কৰি কালি ড০ জয়শংকৰে কয় যে এই প্ৰত্যাহ্বানসমূহৰ ভিতৰত খাদ্য, শক্তি, স্বাস্থ্য নিৰাপত্তা, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি প্রতিষ্ঠা আৰু মহিলাৰ উন্নয়নৰ দিশসমূহ সামৰি লোৱা হৈছে। তেওঁ কয়, যে জি-২০য়ে সদায় প্রতিযোগিতাতকৈ সহযোগিতাৰ মনোভাৱক অগ্ৰাধিকাৰ দি আহিছে। আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰিৰ ক্ষেত্ৰত ভাৰতে জৰুৰীকালীন সঁহাৰি, পুনৰনিৰ্মাণ আদিৰ দৰে বহু সমর্থন আগবঢ়াই আহিছে বুলি ড০ জয়শংকৰে মত প্ৰকাশ কৰে।
Assamese | February 22, 2025 11:43 AM | G-20 Foreign Minister Meet
জোহান্সবার্গত অনুষ্ঠিত জি-২০ বিদেশ মন্ত্ৰীৰ বৈঠকত মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ