জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি তামুলপুৰ জিলাৰ পাগলাদিয়া নৈত নির্মীয়মান মথাউৰি পৰিদৰ্শন কৰে। মন্ত্ৰী শ্ৰীহাজৰিকাই তামুলপুৰৰ জাৰতালুকত প্ৰায় ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মীয়মান মথাউৰিৰ লগতে গোৰেশ্বৰৰ শুক্লাই নৈত নৱনিৰ্মিত মথাউৰিও পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে নিধুৱাত নিৰ্মাণ কৰা মথাউৰিও পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে কয় যে তামুলপুৰ জিলাত এইবাৰ ১৩ কিলোমিটাৰ মথাউৰি উন্নত প্রযুক্তিৰে নিৰ্মাণ কৰা হৈছে।
Assamese | May 11, 2025 8:35 PM | Pijush Hazarika at Tamulpur
জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ তামুলপুৰ জিলাৰ পাগলাদিয়া নৈত নির্মীয়মান মথাউৰি পৰিদৰ্শন