গোৱালপাৰা জিলাৰ বাদুংডুপ্পা কলা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক বিশিষ্ট নাট্যকর্মী শুক্রাচাৰ্য ৰাভাৰ সপ্তম মৃত্যু বার্ষিকী উপলক্ষে আজি কলাকেন্দ্ৰৰ বাকৰিত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি পুৱাই নাট্যকর্মী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি নাট্যকর্মীগৰাকীৰ সহধর্মীনি চিনা ৰাভাই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানৰ অংশ হিচাপে ৰাভা জনগোষ্ঠীৰ ফাৰকান্তি নৃত্য আৰু নাম-কীৰ্তন কৰা হ’ব। বিয়লিৰ ভাগত টো-পয়দম নামৰ ৰাভা ভাষাৰ নাটক পৰিৱেশনেৰে নাট্য কর্মীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব।
Assamese | June 8, 2025 1:19 PM | Goalpara District Badangduppa Center
গোৱালপাৰা জিলাৰ বাদুংডুপ্পা কলা কেন্দ্ৰত নাট্যকর্মী শুক্রাচাৰ্য ৰাভাৰ সপ্তম মৃত্যু বার্ষিকী শ্ৰদ্ধাঞ্জলি