জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি অসম জল ভৱনত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্রাধিকৰণ অসমৰ অধীনত চলি থকা আঁচনিসমূহৰ এখন পর্যালোচনা বৈঠকত অংশ লয়। আঁচনিৰ অধীনত ডিব্ৰুগড়, তিনিচুকীয়া, মৰিগাঁও, কামৰূপ আৰু গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত চলি থকা ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধী কামসমূহৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বিভাগটোৰ অভিযন্তা, ঠিকাদাৰসকলক ক্ষিপ্ৰতাৰে খহনীয়া প্ৰতিৰোধী কামসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। একেটা প্রকল্পৰ অধীনত দ্বিতীয় পৰ্যায়ত শিৱসাগৰ, গোলাঘাট, যোৰহাট, ধেমাজিৰ স্পর্শকাতৰ অঞ্চলসমূহত খহনীয়া প্ৰতিৰোধী কাম হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Assamese | January 19, 2025 1:13 PM | pijush meeting on erosion river
অসম জল ভৱনত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্রাধিকৰণৰ আঁচনিৰ পর্যালোচনা বৈঠক মন্ত্ৰী পীযূষ হাজৰিকাৰ