September 16, 2026 8:44 PM

views 19

১৯ ছেপ্তেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সম্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে ১৯ ছেপ্তেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হ'ব। কলাগুৰু আর্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত কাইলৈৰ পৰা তিনিদিনীয়াকৈ জুবিন দিৱস উদযাপন কৰা হ'ব। কাইলৈ সর্বধর্ম প্রার্থনা সভা, পৰহিলৈ সাংস্কৃতিক অনুষ্ঠান, ১৯ ছেপ্তেম্বৰত গুৰু আসন প্রতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হ'ব। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই...