October 15, 2025 6:55 PM

views 46

বিভিন্ন মাধ্যমত বিয়পি পৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভুৱাঃ মুন্নাপ্ৰসাদ গুপ্তা

বিভিন্ন মাধ্যমত বিয়পি পৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভুৱা বুলি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে স্পষ্ট কৰি দিছে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিশেষ সঞ্চালক প্ৰধান মুন্না প্রসাদ গুপ্তাই কয়, যে সামাজিক মাধ্যমত বিয়পি পৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখনত কোনো চিকিৎসকৰ স্বাক্ষৰ নাই। স্বাক্ষৰ নথকা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কেতিয়াও সত্য হ'ব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে ৷ বিষয়টো লৈ তদন্ত কৰা হ'ব বুলি উল্লেখ কৰি শ্ৰীগুপ্তাই ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। অপপ্ৰচ...