December 23, 2025 7:37 PM

views 29

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পৰ্যৱেক্ষণৰ বাবে সদৌ অসম উকীল সন্থাৰ বিশেষজ্ঞ সমিতি গঠন

সদৌ অসম উকীল সন্থাই ৰাজ্যৰ বিভিন্ন জিলা আৰু মহকুমাৰ সদস্য উকীল সন্থাৰ দ্বাৰা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণৰ বাবে নিজাববীয়াকৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰিছে। এই বিশেষজ্ঞ সমিতিখনে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা ফৌজদাৰী গোচৰৰ লগতে প্ৰৱৰ্তক সঞ্চালকালয়ৰ গোচৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা ৩ খন ৰাজহুৱা স্বার্থজড়িত আবেদন পর্যবেক্ষণ কৰিব আৰু এই ক্ষেত্ৰত সময়োপযোগী সিদ্ধান্ত ল'ব। সদৌ অসম উকিল সন্থাৰ সভাপতি শৈলেন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদক দীপক কুমাৰ...