August 5, 2024 12:19 PM

views 41

মহাৰাষ্ট্ৰৰ পুনেত পুনৰ ৭ গৰাকী ব্যক্তি জিকা ভাইৰাছত আক্ৰান্ত

মহাৰাষ্ট্ৰৰ পুনে চহৰত পুনৰ ৭ গৰাকী ব্যক্তিৰ দেহত জিকা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। এই সাতগৰাকী নতুন ৰোগীৰ ভিতৰত আছে পাঁচগৰাকী গৰ্ভৱতী মহিলা, এজন ১৮ বছৰীয়া যুৱক আৰু এগৰাকী ৪০ বছৰীয়া পুৰুষ। জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি পুনে জিলাত বৰ্তমানলৈকে ৭২ গৰাকী ব্যক্তি জিকা ভাইৰাছত আক্ৰান্ত হৈছে।