June 20, 2025 8:55 PM

views 25

ৰাজ্যৰ ভিন্ন প্ৰান্তত কাইলৈ একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন

বিশ্বৰ বিভিন্ন প্ৰান্তত কাইলৈ একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ'ব। অসমতো যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ শালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত কাইলৈ পুৱা ৬ বজাত হ'বলগীয়া ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে, ৰাজ্যিক বিজেপিৰ ৪৩৪টা সাংগঠনিক মণ্ডলত কাইলৈ যোগ দিৱসৰ আয়োজন কৰা হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই গুৱাহাটী মহানগৰৰ ৰাজধানী মণ্ডল, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰ...