September 7, 2026 2:14 PM

views 2

ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত লাক্‌জেমবাৰ্গৰ উপ-প্রধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জেভিয়াৰ বেটেল

লাক্‌জেমবাৰ্গৰ উপ-প্রধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জেভিয়াৰ বেটেল ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে শ্রীবেটেলে আজি ৰাষ্ট্ৰীয় ৰাজধানীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে উপ-প্রধানমন্ত্ৰীৰ এই ভ্রমণে ভাৰত আৰু লাক্‌জেমবাৰ্গৰ মাজৰ বহুপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ সুযোগ দিব।