November 14, 2024 12:46 PM

views 31

দক্ষিণ প্রশান্ত মহাসাগৰৰ ছ’ল’মন দ্বীপপুঞ্জৰ সমীপত বিজ্ঞানীসকলে বিশ্বৰ সৰ্ববৃহৎ প্রবাল আৱিষ্কাৰ কৰিছে

দক্ষিণ প্রশান্ত মহাসাগৰৰ ছ’ল’মন দ্বীপপুঞ্জৰ সমীপত বিজ্ঞানীসকলে বিশ্বৰ সৰ্ববৃহৎ প্রবাল আৱিষ্কাৰ কৰিছে। এখন ফুটবল পথাৰৰ সমান আয়তনৰ এই বৃহৎ প্রবাল ডোখৰৰ বয়স তিনিশ বছৰৰো অধিক বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। বিভিন্ন ক্ষুদ্র ক্ষুদ্র প্রবালৰ সমষ্টি এই বৃহৎ প্রবাল খণ্ডটো এই বছৰ অক্টোবৰ মাহত চলোৱা এটা অভিযানকালত আৱিষ্কৃত হয়। গভীৰ সমুদ্ৰৰ উষ্ণতা বৃদ্ধিকে ধৰি বিভিন্ন প্রতিকুল পৰিস্থিতিৰ মাজতো বৰ্তি থকা এই প্রবালখণ্ডৰ গৱেষণাৰ জৰিয়তে পৃথিৱীৰ উৎপত্তি আৰু সমুদ্ৰৰ গঠন সম্পৰ্কে বহু নতুন তথ্য আহৰণ কৰিব পৰা যাব ...