March 12, 2025 11:58 AM

views 36

বিশ্ব পেৰা গ্ৰাঁ প্ৰি এথলেটিকছ প্ৰতিযোগিতাত পুৰুষৰ ডিছকাছ থ্ৰ’ৰ F11 শিতানৰ আটাইকেইটা পদক জয় ভাৰতৰ

নতুন দিল্লীত অনুষ্ঠিত বিশ্ব পেৰা গ্ৰাঁ প্ৰি এথলেটিকছ প্ৰতিযোগিতাৰ আৰম্ভণিৰ দিনটোতে কালি ভাৰতে পুৰুষৰ ডিছকাছ থ্ৰ’ৰ F11 শিতানৰ আটাইকেইটা পদক জয় কৰে। সাগৰে ৩৪.৮৪ মিটাৰ ডিছকাছ থ্ৰ’ কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে বালাজী ৰাজেন্দ্ৰনে ২৬.৯৮ মিটাৰেৰে ৰূপৰ আৰু জনক সিং হার্চানাই ২৫.১৩ মিটাৰেৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। মহিলাৰ ১০০ মিটাৰৰ T35, T36, T38 আৰু T44 শাখাত অষ্ট্ৰেলিয়াৰ ৰিয়ানন ক্লার্কে ১৩.১৪ ছেকেণ্ডেৰে প্ৰথম স্থান লাভ কৰে। ভাৰতৰ প্ৰীতি পলে দ্বিতীয় আৰু জাৰ্মানীৰ নিকোলে তৃতীয় স্থান লাভ কৰে।...