April 10, 2025 10:14 AM

views 27

বিশ্বত আজি বিশ্ব হোমিঅ’পেথী দিৱস পালন

সমগ্ৰ বিশ্বত আজি বিশ্ব হোমিঅ'পেথী দিৱস পালন কৰা হৈছে। হোমিঅ'পেথী বিশ্বৰ দ্বিতীয় সর্ববৃহৎ চিকিৎসা প্ৰণালী। স্বাস্থ্য সেৱাৰ সৰ্বাত্মক দৃষ্টিভংগী বহন কৰা হোমিঅ'পেথীয়ে প্রাকৃতিক পদ্ধতিৰ বাবে বিশ্বৰ লাখ লাখ লোকক আকৰ্ষিত কৰি আহিছে। আয়ুষ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ১০ কোটিৰো অধিক লোকে স্বাস্থ্য আৱশ্যকতাৰ বাবে হোমিঅ'পেথীক ভৰসা কৰে। দেশত সম্প্ৰতি ৩ লাখ ৪৫ হাজাৰ পঞ্জীকৃত হোমিঅ'পেথী চিকিৎসক, ২৭৭ খন চিকিৎসালয়, ৮ হাজাৰৰো অধিক ঔষধালয় আৰু ২৭৭টা শৈক্ষিক প্ৰতিষ্ঠান আছে।