September 30, 2024 12:15 PM

views 46

লেবাননৰ আশ্ৰয় শিৱিৰত থকা লোকৰ বাবে বিশ্ব খাদ্য কাৰ্যসূচীৰ ৰেডী টু ইট খাদ্য সামগ্রী বিতৰণ

ইজৰাইল আৰু হিজবুল্লাহৰ মাজৰ সংঘৰ্ষৰ ফলত প্ৰভাৱিত ১০ লাখ লোকলৈ খাদ্য সাহায্য প্ৰদানৰ উদ্দেশ্যে বিশ্ব খাদ্য কাৰ্যসূচী-WFP-য়ে এটা জৰুৰীকালীন অভিযান আৰম্ভ কৰিছে। WFP-য়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে, সংস্থাটোৱে দেশখনৰ আশ্ৰয় শিৱিৰসমূহত থকা লোকসকলৰ বাবে ৰেডী টু ইট খাদ্য সামগ্রী বিতৰণ কৰিছে। এই সপ্তাহৰ শেষৰ পিনে সংঘৰ্ষজনিত পৰিস্থিতি অধিক বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত দেশখনলৈ জৰুৰীকালীন মানৱীয় সঁহাৰিৰ প্ৰয়োজন আহি পৰিছে বুলি WFP-য়ে প্ৰকাশ কৰিছে। এই জটিল অভিযান অব্যাহত ৰখাৰ বাবে সংস্থা...