September 25, 2026 7:58 PM
8
ৰাজ্যৰ বিভিন্ন ঠাইত আজি বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে ভিন ভিন কার্যসূচী অনুষ্ঠিত
ৰাজ্যৰ বিভিন্ন ঠাইত আজি বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে ভিন ভিন কার্যসূচী অনুষ্ঠিত হয়। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্টসকলৰ উদ্যোগত হাটশিঙিমাৰী প্ৰেছ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব ফাৰ্মাচিষ্ট দিৱস পালন কৰা হয়। কাৰ্যসূচীত স্বাস্থ্য সেৱা ব্যৱস্থাত ফাৰ্মাচিষ্টসকলৰ ভূমিকা, ৰোগীক সঠিক ঔষধ প্ৰদান তথা ঔষধৰ সুৰক্ষিত ব্যৱহাৰ নিশ্চিতকৰণৰ বিষয়ত আলোকপাত কৰা হয়। এই কাৰ্যসূচীতে অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ ফাৰ্মাচিষ্ট ৰঘূ চাহাক সম্বৰ্ধনা জনোৱা হয়। তামুলপুৰ জিলাতো প্রাথমিক স্বাস্থ্য কেন্দ্ৰ...