November 14, 2024 9:15 AM

views 81

বিশ্বৰ ভিন্ন স্থানত আজি বিশ্ব মধুমেহ দিৱসৰ আয়োজন

মধুমেহ ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি বিশ্বৰ ভিন্ন স্থানত বিশ্ব মধুমেহ দিৱসৰ আয়োজন কৰা হৈছে। প্ৰতি বছৰে এই দিৱসৰ জৰিয়তে মধুমেহ ৰোগ প্ৰতিৰোধ, আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু ফলপ্ৰসূ ব্যৱস্থাপনাৰ বাবে উপযুক্ত সা-সুবিধাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হয়। এইবেলি "ব্রেকিং বেৰিয়াছ, ব্ৰীজিং গেপছ" শীৰ্ষক মুলমন্ত্ৰৰে বিশ্ব মধুমেহ দিৱস পালন কৰা হৈছে। প্ৰতিগৰাকী ৰোগীয়ে যাতে উচ্চমানৰ আৰু সুলভ মূল্যৰ চিকিৎসাৰ সুবিধা লাভ কৰে তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।