June 21, 2024 1:14 PM

views 67

আই চি চি টি-২০ বিশ্বকাপত ছুপাৰ এইট পর্যায়ৰ এখন খেলত ভাৰতৰ হাতত আফগানিস্তান ৪৭ ৰানত পৰাস্ত

ভাৰতে যোৱা নিশা বাৰবাডোছৰ ব্ৰীজটাউনত অনুষ্ঠিত আই চি চি টি-২০বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পর্যায়ৰ এখন খেলত আফগানিস্তানক ৪৭ ৰানত পৰাস্ত কৰে। আফগানিস্তানে ১৮২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৩৪ ৰানহে কৰিবলৈ সমৰ্থ হয়। প্রতিযোগিতাত আজিৰ দুখন খেলৰ প্ৰথমখনত অষ্ট্ৰেলিয়া বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনত বাংলদেশে প্রথমে বেট ধৰি অষ্ট্ৰেলিয়াক ১৪১ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমালৈ বাতৰি অহাৰ পৰলৈকে অষ্ট্ৰেলিয়াই ৬ অভাৰত ১টা উইকেট হে...

June 1, 2024 1:28 PM

views 60

নিউয়র্কত নিশা ৮ বজাত আই চি চি টি-২০ বিশ্বকাপৰত ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰতীয় ক্রিকেট দলে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আয়োজিত হোৱা আই চি চি টি-২০ বিশ্বকাপৰ একমাত্র অনুশীলন খেলখনত আজি বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। নিউয়র্কত নিশা ৮ বজাৰ পৰা এই খেলখন আৰম্ভ হ’ব। উল্লেখযোগ্য যে বোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দলে অহা ৫ জুনত নিউয়র্কতে আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলি বিশ্বকাপত অভিযান আৰম্ভ কৰিব। আনহাতে অহা ৯ জুনত ভাবতে পাকিস্তানৰ বিৰুদ্ধে তথা ১২ জুনত আমেৰিকা আৰু ১৫ জুনত কানাডাৰ বিৰুদ্ধে গ্ৰুপৰ খেলত অংশ ল’ব।