November 22, 2024 6:00 PM

views 28

বিশ্ব ব’ল্‌ছ চেম্পিয়ন্‌ছ অব্ চেম্পিয়নছ প্রতিযোগিতাত ভাৰতক প্রতিনিধিত্ব নয়ণমণি শ‍ইকীয়া আৰু পুতুল সোণোৱালৰ

অসমৰ দুগৰাকী খেলুৱৈ নয়ণমণি শ‍ইকীয়া আৰু পুতুল সোণোৱালে অহা ২৫ নৱেম্বৰৰ পৰা নিউজিলেণ্ডৰ অকলেণ্ডত হ'বলগীয়া বিশ্ব ব’ল্‌ছ চেম্পিয়ন্‌ছ অব্ চেম্পিয়নছ প্রতিযোগিতাত ভাৰতক প্রতিনিধিত্ব কৰিব। খেলুৱৈ দুগৰাকীয়ে ইতিমধ্যে অকলেণ্ডলৈ বুলি ৰাওনা হৈছে। বিশ্ব ব’ল্‌ছ লিমিটেড শীৰ্ষ চেম্পিয়নশ্বিপত কেৱল ৰাষ্ট্ৰীয় চেম্পিয়ন্‌ছসকলকহে নিজ নিজ দেশক প্রতিনিধিত্ব কৰাৰ বাবে অনুমতি প্রদান কৰা হয়। অসমৰ ল’ন বলিং সংস্থাৰ সভাপতি দুর্গা দাস বড়ো আৰু সম্পাদক নৱ বসুমতাৰীয়ে খেলুৱৈ দুগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে।