September 29, 2024 12:02 PM

views 46

জাপানত অনুষ্ঠিত World Athletics Continental Tourত পুৰুষৰ ৫ হাজাৰ মিটাৰ দৌৰত ভাৰতৰ গুলবীৰ সিঙৰ সোণৰ পদক অৰ্জন

জাপানত অনুষ্ঠিত World Athletics Continental Tourত পুৰুষৰ ৫ হাজাৰ মিটাৰ দৌৰত ভাৰতৰ ২৬ বছৰীয়া এথলীট গুলবীৰ সিঙে সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে ১৩ মিনিট আৰু ১১.৮২ ছেকেণ্ডৰ নতুন ৰাষ্ট্রীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়। গুলবীৰ সিঙে ১৩ মিনিট আৰু ১৮. ৯২ ছেকেণ্ডৰ নিজৰেই পূৰ্বৰ অভিলেখ ভংগ কৰে। ইয়াৰ পূৰ্বে ভাৰতৰে অবিনাশ ছেবলে এই শিতানত অভিলেখ গঢ়িছিল। চলিত বৰ্ষৰ মাৰ্চত গুলবীৰে কেলিফ'ৰ্নিয়াত অনুষ্ঠিত টেন ট্ৰেক মিটত পুৰুষৰ ১০ হেজাৰ মিটাৰৰ অভিলেখ ভংগ কৰিছিল।