December 1, 2025 10:31 AM

views 99

আজি বিশ্ব এইডছ দিৱস

● আজি বিশ্ব এইডছ দিৱস। এইডছ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে এই ৰোগত মৃত্যু হোৱা লোকসকলৰ প্রতি সমবেদনা প্রকাশেৰে ১৯৮৮ চনৰ পৰা প্ৰতিবছৰৰ ১ ডিচেম্বৰৰ দিনটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰি অহা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব এইডছ দিৱস উপলক্ষে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগ আৰু ৰাজ্য চৰকাৰৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে বিশ্ব এইডছ দিৱস পালনৰ আয়োজন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে- ...

November 30, 2025 8:09 PM

views 57

বিশ্ব এইডছ দিৱস উপলক্ষে দেশজুৰি সজাগতা অভিযান

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কাইলৈ বিশ্ব এইডছ দিৱসৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ নেতৃত্ব দিব। এইচ আই ভি প্ৰতিৰোধৰ লগতে চিকিৎসা, যত্ন আৰু কলংক নির্মূলৰ ক্ষেত্ৰত চৰকাৰৰ প্রতিশ্রুতিবদ্ধতাক দোহৰাৰা উদ্দেশ্যেই এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানে চৰকাৰী নেতা, বিভিন্ন অংশীদাৰ, যুব প্রতিনিধি, এইচ আই ভি আক্রান্ত লোক আৰু আগশাৰীৰ চিকিৎসা কর্মীসকলক একত্ৰিত কৰিব। ইয়াৰ জৰিয়তে জনস্বাস্থ্যৰ প্ৰতি প্ৰত্যাহ্বান স্বৰূপ এইডছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত দেশৰ একত্ৰিত প্ৰচেষ্টা প্রতিফলিত...