April 26, 2024 6:49 PM

views 32

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত সাঁচিগছৰ খেতিত কৃত্রিম ভেঁকুৰ সংস্থাপনৰ কৌশল সন্দৰ্ভত প্রশিক্ষণ কর্মশালা

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত সাঁচিগছৰ খেতি কৃত্রিম ভেঁকুৰ সংস্থাপনৰ কৌশল সন্দৰ্ভত আয়োজিত এখন প্রশিক্ষণ কর্মশালাৰ আজি সফল সামৰণি পৰে। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই কৰ্মশালাত ১৩ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত সাঁচিগছৰ গুৰুত্ব, পুলি বাগান প্ৰস্তুতকৰণ, সাঁচিগছৰ বাৰী গঢ়ি তোলাকে ধৰি বিভিন্ন দিশ সামৰি লোৱা হয়। তদুপৰি কৃত্রিমভাৱে সাঁচিগছত ভেঁকুৰ সংস্থাপন কৰি তেল প্ৰস্তুত কৰা, সাঁচিগছৰ লগত জড়িত আইন সংক্রান্তীয় বিষয়সমূহৰ লগতে সাঁচিগছৰ পৰা উৎপাদিত সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি ...