June 4, 2024 4:50 PM

views 54

উজবেকিস্তানৰ বিৰুদ্ধে ভাৰতৰ মহিলা ফুটবল দলে দ্বিতীয়খন বন্ধুত্বপূর্ণ খেলত অৱতীৰ্ণ হ’ব

ভাৰতৰ মহিলা ফুটবল দলটো আজি উজবেকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন বন্ধুত্বপূর্ণ খেলত অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫.৩০ বজাত টাছখণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটো উজবেকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন বন্ধুত্বপূর্ণ খেলত ০-৩ ফলাফলত পৰাস্ত হৈছিল।

May 28, 2024 1:26 PM

views 34

অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ খেলত অংশ ল’বলগীয়া ভাৰতীয় জ্যেষ্ঠ মহিলা দলটোৰ সদস্যসকলৰ নাম ঘোষণা

অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে কালি উজবেকিস্তানৰ বিৰুদ্ধে দুখন আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ খেলত অংশ ল'বলগীয়া ভাৰতীয় জ্যেষ্ঠ মহিলা দলটোৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। ২৩ জনীয়া দলটোত ৩ গৰাকী গলকিপাৰ, ৮ গৰাকী ডিফেণ্ডাৰ, ৮ গৰাকী মিড ফিল্ডাৰ আৰু ৪ গৰাকী ফৰৱাৰ্ড খেলুৱৈক স্থান দিয়া হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন খেলুৱৈ লাংগাম চাওবা দেৱীক দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ঘোষণা কৰা হৈছে।