January 21, 2025 9:15 PM

views 27

মহিলাৰ ১৯ বছৰ অনূৰ্ধ্ৱ টি২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মালয়েছিয়াক ১০ উইকেটত পৰাস্ত ভাৰতৰ

ভাৰতে আজি কোৱালালামপুৰত অনুষ্ঠিত মহিলাৰ ১৯ বছৰ অনূৰ্ধ্ৱ টি২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মালয়েছিয়াক ১০ উইকেটত পৰাস্ত কৰে। খেলখনত আয়োজক দেশ মালয়েছিয়াই প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ১৪ অভাৰ আৰু তিনিটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৩১ ৰান কৰে। ভাৰতৰ হৈ বৈষ্ণৱী শৰ্মাই ৫টা উইকেট দখল কৰে আৰু আয়ুষী শুক্লাই তিনিটা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ভাৰতে দুটা অভাৰ আৰু ৫টা বলত এটাও উইকেট নেহেৰুৱাকৈ নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।