October 6, 2024 8:07 PM

views 58

ডুবাইত অনুষ্ঠিত মহিলাৰ টি-২০ বিশ্বকাপত  পাকিস্তানৰ বিৰুদ্ধে ৬ উইকেটত ভাৰতৰ জয়লাভ

ডুবাইত অনুষ্ঠিত মহিলাৰ টি-২০ বিশ্বকাপত আজি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰে। পাকিস্তানে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেটৰ বিনিময়ত ১০৫ ৰান কৰে। যোৱা শুকুৰবাৰে পাকিস্তানে ইয়াৰ প্ৰথমখন খেলত শ্রীলংকাৰ বিৰুদ্ধে জয়লাভ কৰাৰ বিপৰীতে ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলত পৰাজিত হয়। আজিৰ খেলখনত জয়লাভ কৰাৰ লগে লগে হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে প্ৰথমটো পইণ্ট অৰ্জন কৰিবলৈ সক্ষম হয়।