November 30, 2024 12:37 PM

views 35

কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থ আঁচনিৰ অধীনত ৩.৬০ লাখ মহিলা হিতাধিকাৰী লাভৱান্বিত হৈছেঃ কেন্দ্রীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

কেন্দ্রীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, যে বস্ত্র উদ্যোগত মহিলাৰ অংশগ্রহণ উল্লেখনীয়ভাৱে বৃদ্ধি হৈছে। নতুন দিল্লীত কালি এখন সংবাদমেলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থ আঁচনিৰ অধীনত ৩ লাখ ৬০ হাজাৰ মহিলা হিতাধিকাৰী লাভৱান্বিত হৈছে। বস্ত্ৰ উদ্যোগৰ সহযোগত এই আঁচনিখনৰ জৰিয়তে নিয়োগৰ সুবিধা বৃদ্ধিৰ লগতে দক্ষতা বিকাশৰ লক্ষ্য লোৱা হৈছে বুলিও শ্ৰীমাৰ্ঘেৰিটাই প্ৰকাশ কৰে। বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত থকা মুঠ হিতাধিকাৰীসকলৰ মাজৰ ৮৮ শতাংশই মহিলা বুলিও তেওঁ উল্লেখ কৰে। মন...