April 20, 2024 12:42 PM

views 43

পশ্চিমবংগৰ মুখ্য নির্বাচনী বিষয়াৰ সংবাদমেল, কোচবিহাৰত দুটা পৃথক ঘটনাত দুজন আহত, ১২জনক গ্ৰেপ্তাৰ

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ সামৰণিৰ অন্তত কালি পশ্চিমবংগৰ মুখ্য নির্বাচনী বিষয়াই এখন সংবাদমেল অনুষ্ঠিত কৰে। এই সংবাদমেলত মুখ্য নির্বাচনী বিষয়া আৰিজ আফটাৰে প্ৰকাশ কৰা মতে, কালি কোচবিহাৰত সংঘটিত দুটা পৃথক ঘটনাত দুজন লোক আহত হৈছে। লোক দুজনক স্থানীয় চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। বিষয়াগৰাকীয়ে লগতে কয় যে মুঠ ১২জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।