December 18, 2025 7:38 PM

views 26

সৰুসজাই ক্রীড়া প্রকল্পত আয়োকন ৱাকাথন শীর্ষক স্বাস্থ্য সজাগতা পদযাত্রা অনুষ্ঠিত

গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত আজি আয়োকন ৱাকাথন শীর্ষক স্বাস্থ্য সজাগতা পদযাত্রা অনুষ্ঠিত হয়। গুৱাহাটীৰ কেইবাগৰাকী চিকিৎসকে অংশ লোৱা এই পদযাত্ৰাত বলীউদৰ অভিনেতা তথা শাৰীৰিক সুস্থতাৰ হকে সজাগতাৰ সৃষ্টি কৰি অহা মিলিন্দ সুমনে নেতৃত্ব দিয়ে। কার্য্যসূচীত দিয়া ভাষণত অভিনেতাগৰাকীয়ে ফিটনেছ বা শাৰীৰিক সুস্থতাক জীৱনৰ অবিচ্ছেদ্য অংশ কৰি ল'বলৈ আহ্বান জনায়। অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অস্থি পৰিচৰ্যা বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্য সেৱাৰ মূল উপাদান বুলি প্রকাশ কৰে। ভাৰতীয় অস্থি চি...