July 9, 2026 12:02 PM
25
উপ-ৰাষ্ট্রপতি চি পি ৰাধাকৃষ্ণনৰ ওড়িশাৰ ভূৱনেশ্বৰলৈ ৰাওনা
উপ-ৰাষ্ট্রপতি চি পি ৰাধাকৃষ্ণন আজি ওড়িশাৰ ভূৱনেশ্বৰলৈ যাব। এই ভ্রমণ কালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ভূৱনেশ্বৰত থকা ওড়িশা কৃষি আৰু প্রযুক্তি বিশ্ববিদ্যালয়ৰ মুকলি সমুদ্ৰৰ মৎস্য পালনৰ বাবে প্ৰাধিকৰণ পত্ৰ জাৰি কৰা শুভাৰম্ভণি কাৰ্যসূচীত অংশগ্রহণ কৰিব। তেওঁ লগতে ওড়িশাৰ গভীৰ সমুদ্ৰত মাছ ধৰাৰ নথিও মুকলি কৰিব। পাছত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভূবনেশ্বৰত ৰাষ্ট্ৰীয় বিজ্ঞান, শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ পঞ্চদশ সমাবর্তন সমাৰোহত ভাগ ল'ব।