July 8, 2026 8:22 PM
5
উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ কাইলৈ ভুৱনেশ্বৰ ভ্ৰমণ
উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ কাইলৈ ওড়িশাৰ ভুৱনেশ্বৰলৈ যাব। এই ভ্রমণ কালত উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে ভূবনেশ্বৰস্থিত ওড়িশা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ মুকলি সমুদ্ৰৰ মৎস্য পালনৰ বাবে প্ৰাধিকৰণ পত্ৰ জাৰি কৰা শুভাৰম্ভণি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ লগতে ওড়িশাৰ গভীৰ সমুদ্ৰত মাছ ধৰাৰ নথিও মুকলি কৰিব। পাছত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভূবনেশ্বৰত ৰাষ্ট্ৰীয় বিজ্ঞান, শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ পঞ্চদশ সমাৱৰ্তন সমাৰোহত ভাগ ল'ব।