August 7, 2026 8:01 PM
7
উপ-ৰাষ্ট্ৰপতিৰ দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভ্ৰমণ
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ যাব। ভ্রমণৰ প্ৰথমদিনা উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শ্রীবিজয়পুৰমৰ চেলুলাৰ জেলৰ ৰাষ্ট্ৰীয় স্মাৰক পৰিদৰ্শন কৰিব। এই স্মাৰক পৰিদৰ্শন কৰি তেওঁ শ্বহীদ স্তম্ভ, স্বতন্ত্রজ্যোতিত শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে বীৰ সাবৰকাৰৰ কোষ পৰিদৰ্শন কৰিব। ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাহিনী আৰু সাহসী স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক লৈ আয়োজন কৰা শব্দ আৰু পোহৰৰ অনুষ্ঠানতো শ্ৰীৰাধাকৃষ্ণণে অংশগ্রহণ কৰিব। এই ভ্রমণ কাৰ্যসূচীৰ দ্বিতীয় দিনা শ্রীবিজয়পুৰমৰ ...