December 13, 2025 9:38 PM

views 42

তাৰকা মল্লযুদ্ধা ভিনেশ ফোগাটৰ অলিম্পিক ক্রীড়া প্রতিযোগিতাত অভিলেখসংখ্যক চতুৰ্থবাৰ অংশগ্ৰহণৰ বাবে প্ৰস্তুতি

তাৰকা মল্লযুদ্ধা ভিনেশ ফোগাটে অলিম্পিক ক্রীড়া প্রতিযোগিতাত অভিলেখসংখ্যক চতুৰ্থবাৰৰ বাবে অংশগ্ৰহণৰ লক্ষ্যৰে প্ৰতিযোগিতামূলক মল্লযুঁজলৈ উভতি অহাৰ কথা ঘোষণা কৰিছে। বৃহস্পতিবাৰে খেলুৱৈগৰাকীয়ে নিজৰ সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে তেওঁ ২০২৮ চনৰ লছ এঞ্জেল'ছ অলিম্পিকৰ বাবে ইতিমধ্যে প্রস্তুতি আৰম্ভ কৰিছে। উল্লেখযোগ্য যে অলিম্পিকলৈ যোগ্যতা অর্জন কৰিলে, ভিনেশ ফোগাটে হ'ব চাৰিখন অলিম্পিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা। ইতিমধ্যে একাধিকবাৰ কমনৱেলথ গেমছ আৰু এছিয়ান গ...